Header Ads

Breaking News
recent

জুবিন গাৰ্গৰ বহু চৰ্চিত ছবি গানে কি আনেৰ অভিনৱ সফলতা

Gaane Ki Aane

সকলো দৰ্শকৰ উৎসাহ উৎকন্ঠাৰ অন্ত পেলাই ১৪ অক্টোৱৰত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ বহু চৰ্চিত ছবি  "গানে কি আনে " । যোৱা কিছু সময়ৰ পৰা অসমৰ চুকে কোণে বহু চৰ্চিত  ছবিখনৰ সংগীত আৰু ট্ৰেইলাৰ ইতিমধ্যে দৰ্শকৰ মাজত সীমাহীন  জনপ্ৰিয়তা লাভ কৰিছে। ছবিখনত জুবিন গাৰ্গে অভিনয়ৰ লগতে সংগীত পৰিচালনাও কৰিছে ।

গানে কি আনে ট্ৰেইলাৰ SOURCE : Gaane Ki Aane Channel YOUTUBE

MAGICAL ASSAM ৱেব আলোচনীয় অনুসৰি, অসমীয়া ছবিজগতত ৰেকৰ্ড ভংগকাৰী ছবিৰূপে পৰিগনিত হৈছে জুবিন গাৰ্গৰ গানে কি 
আনে ।
ছবিখনৰ প্ৰথমদিনৰ ব্যৱসায়  হ'ল  ৫,৪৬,৫৪৯ টকা ৷ দ্বিতীয,তৃতীয় দিনাওঁ ছবিখনে বাম্পাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ।যোৱাকালি ৰবিবাৰে ছবিখনে বক্স অফিচত ৯.১৫ লাখ টকাৰ ব্যৱসায়েৰে অসমীয়া ছবি হিচাপে ১ দিনত আটাইতকৈ বেছি ব্যৱসায়ৰ ৰেকৰ্ড গঢি তোলে, সৰ্বমুঠ ৩ দিনৰ উইকেন্দত ছবিখনে ১৭,৬৩,৮৯৮ টকাৰ ব্যৱসায়েৰে অসমীয়া ছবি হিচাপে প্ৰথম উইকেন্দত সৰ্বকালৰ আটাইতকৈ বেছি ব্যৱসায় কৰা ছবি হিচাপেওঁ আগৰ সকলো ৰেকৰ্ড ভংগ কৰে ৷
আজি কাতি বিহুৰ বন্ধই ছবিখনৰ ব্যৱসায়ত আৰু সহায় কৰিব বুলি কব পাৰি ।

No comments:

Powered by Blogger.