Header Ads

Breaking News
recent

ৰাজ্যত কাতি বিহুৰ উলহ মালহেৰে পালন


বাপতি সাহোন তিনিটা বিহুৰ অন্যতম কাতি বিহু ৰাজ্যৰ বিভিন্ন অঞ্চলত উলহ মালহেৰে পালন কৰা হ'ল । চোতালৰ
তুলসী তল, গোসাঁই থাপনা, ধাননি পথাৰ, গোহালি, তামোল-নাৰিকলৰ তলত  জ্বলিল বন্তি ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  কাতি বিহু উপলক্ষে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে । এক 
বিবৃতিযোগে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কাতি বিহুৰ পাবিত্র বন্তিৰ পোহৰে সমাজৰ পৰা অসূয়া, 
অপ্ৰীতিকৰ অন্ধকাৰ আতঁৰাই সম্প্ৰীতিৰ এনাজৰী অধিক সুদৃঢ় কৰি বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামত 
বসবাস সকলো অসমবাসীৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিব । কৃষিভিত্তিক এই উৎসৱ পালনৰ 
জৰিয়তে অসমৰ শস্যশ্যামলা পথাৰসমূহ সোণ গুটিৰে উপচি পৰি অসমৰ কৃষক সমাজলৈ এক নতুন 
আশাৰ বতৰা কঢ়িয়াই আনিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ।

No comments:

Powered by Blogger.